নিউজ ডেস্ক, ৫ জুলাইঃ সভ্য সমাজক লজ্জিত কৰা কাণ্ড! হাতত জলন্ত চিগাৰেট লৈ যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মানৱ জাতিক লজ্জানত কৰা এই ভিডিঅ’। মধ্য প্ৰদেশৰ সিধী জিলাৰ বিজেপি নেতা প্ৰবেশ শুক্লাৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে সুৰামত্ত অৱস্থাত বিজেপি নেতা প্ৰবেশ শুক্লাই এজন আদিবাসী যুৱকৰ গাত প্ৰস্ৰাৱ কৰি আছে।
এই ঘটনাক লৈ সৰৱ হৈ উঠিছে বিভিন্ন দল, সংগঠনৰ নেতাৰ লগতে ৰাজনৈতিক দলসমূহো। মঙ্গলবাৰে এই অভিযুক্ত বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Comments are closed, but trackbacks and pingbacks are open.