Daily Time Axom

২৪ ঘন্টাত ২২০০ বাৰ জোকাৰি গ’ল পৃথিৱী ! বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ভয়ত বতৰ বিজ্ঞানী

0 74

আইচলেণ্ডৰ ৰাজধানী ৰেইকজাভিক আৰু ইয়াৰ আশ-পাশ ২৪ ঘন্টাত ২২০০ বাৰ কঁপি উঠিল। এই সময়ছোৱাত দুহাজাৰতকৈও অধিকবাৰ ভূমিকম্পৰ বাবে বতৰ বিজ্ঞানীসকলে এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰিছে।

আইচলেণ্ডৰ বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে, ভূমিকম্পৰ উৎস ফাগ্ৰাডালছফ’ল পৰ্বতৰ তলত। এই পৰ্বতটো এটা আগ্নেয়গিৰিৰ ওপৰত। আইচলেণ্ডৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ ৰেইকজাভিকত যোৱা দুবছৰত দুবাৰকৈ বিস্ফোৰণ ঘটিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্পটো হৈছে আইচলেণ্ডৰ দক্ষিণ-পশ্চিম অংশত। অৱশ্যে বতৰ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে আৰু অধিক কম্পনৰ সম্ভাৱনা আছে।

ইমান সঘনাই কম্পন কিয়? এই প্ৰসংগত আইচলেণ্ডৰ বতৰ বিজ্ঞানীসকলে কয় যে, বিস্ফোৰণৰ পূৰ্বে এইটো এটা ডাঙৰ সংকেত।

আইচলেণ্ড এক সক্ৰিয় আগ্নেয়গিৰি অঞ্চল। ফলত তাত কেতিয়াবা কম্পন অনুভৱ কৰা হয়। কিন্তু বতৰ বিজ্ঞানীসকলেও কয় যে ইয়াৰ আগতে ইমান বাৰ ভূমিকম্প হোৱা নাই।

Leave A Reply

Your email address will not be published.