বোকাজানৰ লাহৰীজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

নিউজ ডেস্ক, ৬ জুলাইঃ বোকাজানৰ লাহৰীজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা। বন্দুক কাঢ়ি পলাবলৈ চেষ্টা চলাওঁতেই গুলীচালনা। লাহৰীজানৰ ছাহিদ হুছেইন নামৰ ড্ৰাগছ মাফিয়াটোলৈ গুলীচালনা আৰক্ষীৰ।

ছাহিদৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে ১ কেজি ১০০ গ্ৰাম হেৰ’ইন।৯৪টা চাবোনৰ বাকচত ভৰাই কফিনত লুকুৱাই থৈছিল হেৰ’ইন। দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল ছাহিদ।

পূৰ্বেও ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ছাহিদ হুছেইন। ছাহিদ হুছেইনৰ লগত আছাদুল ৰহমান নামৰ এজনকো আটক কৰে আৰক্ষীয়ে। খটখটী আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ছাহিদক। সম্প্ৰতি ডিফুত জেৰা চলাইছে ছাহিদ হুছেইনক।

AssamAssamese NewsBokajanDaily time axomDiphuDrugsfiringIndia