প্ৰতিকূল বতৰৰ কাৰণে অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

প্ৰতিকূল বতৰ।

অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে শুকুৰবাৰে এই ঘোষণা। জানিব পৰা গৈছে যে জম্মু-কাশ্মীৰ প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত কিছুদিন ধৰি দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈ আহিছে। অবিৰত বৰষুণে বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। জম্মু-কাশ্মীৰত কেইবাদিনো ধৰি অবিৰতভাৱে বৰষুণ দি আহিছে। কেইবাখনো ঠাইত পাহাৰ ভাঙি পৰিছে।

এই পৰিস্থিতিত তীৰ্থযাত্ৰীক মনত ৰাখি অমৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।

এই মুহূৰ্তত আৰু কোনো তীৰ্থযাত্ৰীক গুহাটোৰ ফালে যাবলৈ দিয়া হোৱা নাই। পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ মুকলি কৰা হ’ব পথটো। সূত্ৰ অনুসৰি প্ৰতিকূল বতৰৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ পিছতো বিভিন্ন স্থানত আবদ্ধ হৈ আছে প্ৰায় ৭২০০ তীৰ্থযাত্ৰী।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment