প্ৰেমিকৰ লগত নিজৰ হাতেৰে পত্নীক বিয়া কৰাই দিলে স্বামীয়ে

১৯৯৯ চনৰ ব্লকবাষ্টাৰ ছবি ‘হম দিল দে চুকে সনাম’ৰ বাস্তৱ ছবি এয়া।

বিহাৰৰ নৱাদা জিলাত দেখা গ’ল এক ঘটনা। বিয়াৰ পিছতো পত্নীয়ে প্ৰেমিকক পাহৰিব পৰা নাছিল। এই কথা জানি স্বামীয়ে পত্নীক প্ৰেমিকৰ লগত বিয়া কৰাই দিলে।

সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত হম দিল দে চুকে সনাম ছবিখনত নন্দিনী ওৰফে ঐশ্বৰ্য ৰায় বচ্চনে প্ৰেমিক সমীৰ (ছলমান)ক এৰি স্বামী বনৰাজ (অজয় দেৱগনে অভিনয়)লৈ ঘূৰি আহে। কিন্তু বাস্তৱত বিহাৰত সেয়া নহ’ল। মহিলাগৰাকীয়ে স্বামীক এৰি প্ৰেমিকৰ সৈতে গুছি গ’ল। এই ঘটনাৰ ভিডিঅ’ শুকুৰবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত দেখা গৈছে যে পত্নীয়ে মন্দিৰত স্বামীৰ সন্মুখত প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। সেই মুহূৰ্তত মহিলাগৰাকীক কান্দি থকা দেখা যায়। স্থানীয় বহু লোকে এই বিয়াৰ ভিডিঅ’ মোবাইলত আৱদ্ধ ৰাখে।

জানিব পৰা মতে কিছুদিন পূৰ্বে স্বামী ঘৰত নথকাৰ সময়ত গভীৰ নিশা প্ৰেমিকক লগ কৰিবলৈ ঘৰলৈ গৈছিল মহিলাগৰাকী। সেইদিনা পৰিয়ালৰ লোকে মহিলাগৰাকীক প্ৰেমিকৰ সৈতে হাতে-লোতে ধৰিলে। প্ৰেমিকক তীব্ৰ প্ৰহাৰ কৰা হয় আৰু মহিলাগৰাকীক আটক কৰি ৰখা হয়। যেতিয়া স্বামীয়ে গোটেই ঘটনাটো গম পালে, তেতিয়া তেওঁ সেই প্ৰেমিকৰ লগত পত্নীক বিয়া কৰাই দিবলৈ সিদ্ধান্ত লয়। পত্নীক লৈ মন্দিৰলৈ গৈ প্ৰেমিকৰ লগত বিয়া কৰাই দিয়ে। জানিব পৰা মতে প্ৰেমিকজনো বিবাহিত ,তেওঁৰ ৩টা সন্তান আছে।

Assamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment