হাৰিয়ানাত গাড়ী-বাছৰ সংঘৰ্ষ, ৮ জন নিহত, ১২ জন আহত

হাৰিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন যাত্ৰীবাহী বাছ আৰু এখন ক্রুজাৰৰ মাজত মুখামুখি সংঘৰ্ষ। যাৰ ফলত ৮ জন লোকে প্ৰাণ হেৰুৱালে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জিন্দৰৰ ভিয়ানী পথত সংঘটিত হৈছে এই ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু এখন ক্ৰুজাৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৮ জন লোকৰ। দুৰ্ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতকৰ লগতে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

লগতে আৰক্ষীয়ে জনোৱা মতে, আহতসকলক জিন্দ সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কিছুমান বিপদজনক। এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হ’ল সেয়া এতিয়াও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment