ৰক্তচাপ নিৰৱ হত্যাকাৰী ! ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে এই নিয়ম মানি চলক

উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা কম নহয়। মানুহৰ স্বাভাৱিক ৰক্তচাপ ৮০ৰ পৰা ১২০ৰ ভিতৰত হ’ব লাগে। যদি ১২০ৰ ওপৰলৈ যায় তেন্তে ইয়াক উচ্চ ৰক্তচাপৰ সমস্যা হিচাপে গণ্য কৰা হয়। এই ৰোগৰ আগতীয়া কোনো লক্ষণ দেখা নাযায় বাবে এই ৰোগক সেয়ে ইয়াক ‘ছাইলেণ্ট কিলাৰ’ বুলি কোৱা হয়।

উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰে, যাৰ ফলত হাৰ্ট এটেকও হ’ব পাৰে।

যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে। ঔষধৰ উপৰিও ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে কিছুমান নিয়ম মানি চলিব লাগিব। হেল্থলাইনৰ বাতৰি অনুসৰি দৈনিক ৩০ৰ পৰা ৬০ মিনিট ব্যায়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে খাদ্যত গোটা শস্য, ফলমূল, শাক-পাচলি, কম চৰ্বিযুক্ত, দুগ্ধজাত খাদ্য, মাংস, মাছ আৰু বাদাম আদি থাকিব লাগে।

ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ অত্যধিক চেনিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও চ’ডা আৰু ৰসৰ সেৱন কম কৰিব লাগে। পুষ্টিকৰ উপাদানৰে সমৃদ্ধ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক। উচ্চ ৰক্তচাপত আক্ৰান্ত লোকে নিমখ কমকৈ সেৱন কৰিব লাগে।

ওজন নিয়ন্ত্ৰণ কৰি বা অতিৰিক্ত ওজন কমাবলৈ চেষ্টা কৰিলে উচ্চ ৰক্তচাপৰ সমস্যা বহু পৰিমাণে উপশম পাব পাৰি। মেদবহুলতাৰ বাবে ৰক্তচাপকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ওজন কমাবলৈ স্বাস্থ্যসন্মত পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আপুনি জানি আচৰিত হ’ব যে অতিৰিক্ত মানসিক চাপ থাকিলেও ৰক্তচাপ বৃদ্ধি পায়। গতিকে মানসিক চাপমুক্ত হওক। ধূমপান আৰু মদ্যপান বন্ধ কৰক। ধূমপানে ৰক্তচাপ বৃদ্ধি কৰে। ধূমপানে উচ্চ ৰক্তচাপ থকা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment