চীনৰ বি আৰ আই প্ৰকল্পক পুনৰ সমৰ্থন কৰা নাই ভাৰতে

ভাৰতে পুনৰ চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ক সমৰ্থন কৰাৰ পৰা বিৰত আছে। এই প্ৰকল্পৰ বিৰোধিতা কৰা চাংহাই সহযোগিতা সংস্থাৰ একমাত্ৰ সদস্য ভাৰত।

ৰাছিয়া, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানে বি আৰ আইক পুনৰ সমৰ্থন জনাইছে বুলি নতুন দিল্লীৰ ঘোষণাত প্ৰকাশ পাইছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অন্যান্য এছ চি অ’ দেশৰ ৰাষ্ট্ৰপতিসকলে এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নতুন দিল্লীৰ এক ঘোষণাত কয় যে, “বি আৰ আইৰ পদক্ষেপৰ প্ৰতি চীনৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰি ৰিপাব্লিক অৱ কাজাখস্তান, কিৰ্গিজ ৰিপাব্লিক, ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান, ৰাছিয়ান ফেডাৰেচন, ৰিপাব্লিক অৱ তাজিকিস্তান আৰু ৰিপাব্লিক অৱ উজবেকিস্তানে আছে।”

এই ঘোষণাটোত আৰু কোৱা হৈছে যে, “পাৰস্পৰিক নিষ্পত্তিত ৰাষ্ট্ৰীয় মুদ্ৰাৰ অংশ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ বাবে আগ্ৰহী সদস্য ৰাষ্ট্ৰসমূহে ৰোডমেপ ৰূপায়ণৰ পোষকতা কৰিছে।”

ছি জিনপিঙৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম বি আৰ আইকো সমৰ্থন কৰা নাই একমাত্ৰ ভাৰতে। বিগত এছচিঅ’ৰ বৈঠকতো ভাৰতে বিআৰআই সন্দৰ্ভত নিজৰ স্থিতি এতিয়াও সলনি কৰা নাই।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment