কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা, ছয়জন লোকৰ মৃত্যু

পুৱাৰ ভাগত কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় যাত্ৰীসহ এখন বাণিজ্যিক জেট বিমান। তাত মুঠতে ৬ জন লোক আছিল। সকলোৰে থিতাতে মৃত্যু হয়।

শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। কেলিফৰ্ণিয়াৰ মুৰিটাৰ ফ্ৰেন্স ভেলী বিমানবন্দৰৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাস্থলীটো ছান ডিয়েগোৰ পৰা ৬৫ মাইল উত্তৰত। ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, লাছ ভেগাছৰ হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল চেছনা ব্যৱসায়িক জেট বিমানখন। চালক আৰু ফ্লাইট এটেণ্ডেণ্টকে ধৰি ছয়জন লোক। সকলোৰে মৃত্যু হয়। অৱশ্যে মৃত লোকসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।

দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, বিমানখনত কোনো বিজুতি ঘটিছিল নেকি, যান্ত্ৰিক বিজুতি বা বতৰৰ লগত জড়িত কাৰক দুৰ্ঘটনাৰ বাবে দায়ী নেকি, সেই বিষয়ে তদন্ত কৰি আছে।

AssamDaily time axomIndiaInternational
Comments (0)
Add Comment