Daily Time Axom

উত্তৰ ভাৰতত ২৪ ঘন্টাত ৫ জন লোকৰ মৃত্যু, কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি

0 45

উত্তৰ ভাৰতত বানৰ বাবে ক্ষতি অব্যাহত আছে।

ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যোৱা ২৪ ঘন্টাত বৰষুণৰ বাবে ৰাজস্থানত ৪ জন আৰু দিল্লীত এজন লোকে প্ৰাণ হেৰুৱাইছে।

তথ্য অনুসৰি এই সপ্তাহতো দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, পঞ্জাৱ, জম্মু-কাশ্মীৰত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ৰাজস্থানৰ ৯ খন জিলাত জাৰি কৰা হৈছে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী।

ধাৰাসাৰ বৰষুণত হোৱা ভূমিস্খলনৰ বাবে স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা। কেৰালা আৰু কৰ্ণাটকতো হ’ব ধাৰাসাৰ বৰষুণ। কেৰালাৰ তিনিখন জিলাত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। হিমাচলৰ ৭খন জিলাত ভূমিস্খলন আৰু বান পৰিস্থিতিৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।

Leave A Reply

Your email address will not be published.