‘বিগ বছ’ক লৈ ছলমানৰ খং

ৰিয়েলিটি শ্ব’ ‘বিগ বছ: অ’টিটি ছিজন ২’ৰ আৰম্ভণিৰে পৰাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। শ্ব’টোৰ দ্বিতীয় ছিজনৰ আয়োজন কৰিছে ছলমান খানে। কৰ্তব্যৰ মাজতে ছলমান খানে অহৰহ স্বভাৱ হেৰুৱাই আছে। শেহতীয়াকৈ তেওঁ এই অনুষ্ঠানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

হিন্দুস্তান টাইমছৰ মতে, বিগ বছ অ’টিটিৰ শেহতীয়া শ্ব’ত ছলমানে কৈছিল, মই অসন্মান, অসভ্যতাক একেবাৰে সহ্য কৰিব নোৱাৰো। লাগিলে যিকোনো বিষয়ৰ ওপৰত হওক? শ্ব’টোত অংশগ্ৰহণকাৰী একাংশৰ আচৰণত ক্ষুব্ধ হৈ ছলমানে এনে মন্তব্য কৰে।

বলীউড ভাইজানেও এই ছিজনত অংশগ্ৰহণ কৰা প্ৰতিযোগী জাদ হাদিদ আৰু আকাংক্ষা পুৰীৰ তুলনা কৰে। শ্ব’টোত জাদ হাদিদ আৰু আকাংক্ষা পুৰীয়ে ইজনে সিজনক চুমা খাইছিল। ইয়াৰ উপৰিও জেডে বেবিকাক পেণ্ট খুলি নিতম্ব দেখুৱাইছিল ।

এনে পৰিপ্ৰেক্ষিতত ছলমানে ভাৰতীয় সংবাদ মাধ্যমত প্ৰশ্ন উত্থাপন কৰে। শ্ব’টোত অংশগ্ৰহণ কৰা সেই প্ৰতিযোগীসকলৰ মূল্যবোধ আমাৰ সংস্কৃতিৰ লগত খাপ খাইছেনে বুনি প্ৰশ্ন কৰিছে

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment