জ্ঞান অৰ্জন আৰু জ্ঞান বিলোৱাৰ লক্ষ্যৰে কেইগৰাকীমান শিক্ষানুৰাগী তথা সমাজ সংগঠকৰ দ্বাৰা গঠিত
Let’s Spread knowledge Educational Team, Assam ৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লিডুৰ ৰুটছ এণ্ড ফ্ৰুটছ বিদ্যালয়ত পালন কৰা হয় । বন্তি প্ৰজ্বলনৰে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা সাংবাদিক তথা সমাজসংগঠক ৰাণাজ্যোতি নেওগে কাৰ্যসূচী শুভাৰম্ভ কৰে । চুইটি দত্তই আতঁ ধৰা অনুষ্ঠানটোত অনুষ্ঠানটোৰ সঞ্চালিকা মিতালী ৰয়ে Let’s Spread knowledge Educational Team, Assamৰ জন্ম বৃত্তান্ত আৰু ৰাজ্যজুৰি কিদৰে ব্যাপকতা লাভ কৰিছে তাৰ বাখ্যা ডাঙি ধৰে । মুখ্য অতিথি ৰাণাজ্যোতি নেওগে – শিশুসকলৰ মাজত গ্ৰন্থ ক্ৰয় আৰু পঢ়াৰ মানসিকতা গঢ়ি তোলাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায় । লগতে মোবাইলৰ অধিক ব্যৱহাৰে শিশুৰ মন মগজুত ব্যাপক কুপ্ৰভাৱ পেলোৱাৰ কথা কৈ ইয়াৰ সজাগতাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ।
সভাখনত বিশিষ্ট সমাজসেৱক বাপী সৰকাৰ, লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতম জ্যেষ্ঠ সাংবাদিক তপন দে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে । অনুষ্ঠানত নৃত্য-গীত পৰিবেশন কৰে শিল্পীসকলে । পাছত নতুন সমিতি ঘোষণা কৰি দ্বায়িত্ব অৰ্পণ কৰা হয় ।