মেক্সিকোত বন্দুকধাৰীৰ আক্ৰমণ, ৯ জন নিহত

মেক্সিকোৰ টলুকা চহৰৰ এখন বজাৰত মুখা পিন্ধা বন্দুকধাৰীৰ এটা দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আক্ৰমণৰ পিছত সেই স্থানত অগ্নিসংযোগৰ ফলত ৯ জন লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াৰে ৮ জনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু এজনক চিকিৎসালয়লৈ নিয়াৰ পিছত মৃত্যু হয়।

সোমবাৰে (১০ জুলাই) সংঘটিত হয় এই আক্ৰমণ।

কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

মেক্সিকো ৰাজ্যৰ অভিযুক্তসকলৰ এক বিবৃতিত কোৱা হৈছে যে ইয়াৰে তিনিজনৰ বয়স ১৮ বছৰৰ তলৰ।

তেওঁলোকৰ পৰিচয় নিশ্চিত কৰিব পৰা নাই।

টলুকাৰ বজাৰখন মেক্সিকোৰ দ্বিতীয় বৃহত্তম বজাৰ। প্ৰতিদিনে প্ৰায় ২৬ হাজাৰ ক্ৰেতা বজাৰলৈ আহে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment