Daily Time Axom

কাকজানত বিশ্ব জনসংখ্যা দিৱস উদযাপন

0 28


আজি বিশ্ব জনসংখ্যা দিৱস।সমগ্ৰ বিশ্বৰ লগতে টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ‘পৰিয়াল পৰিকল্পনাৰ গ্ৰহণ কৰক উপায় গঢ়ি তোলক সুখী জীৱনৰ এটি নৱ অধ্যায়’ শ্ল’গানেৰে বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰা হৈছে। জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: চচীধৰ ফুকনৰ সভাপতিত্বত আয়োজিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যোৰহাট জিলা পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: অজিত বৰাই।উক্ত সভাত যোৰহাট জিলাৰ নডেল বিষয়া ডা: অচ্যুত বৰুৱা,উত্তৰ পূব পিৰিত জনসাধাৰণৰ উন্নয়ন সংস্থাৰ সহ সঞ্চালিকা জলি শইকীয়া,কাকজান অঞ্চলৰ জ্যেষ্ঠ তথা যোৰহাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰাম প্ৰসাদ ফুকন,ডা:ৰাতুল দত্ত,কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডা: ভাস্কৰ শইকীয়া বিশেষভাৱে উপস্থিত থাকি জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই আৰু জনসংখ্যা বৃদ্ধিয়ে যে সামাজিক,অৰ্থনৈতিক তথা সকলো ক্ষেত্ৰতে বাধাৰ সৃষ্টিৰ কৰে তাৰ ওপৰত আলোকপাত কৰে।

ইপিনে এই সভাতে জনসংখ্যা নিয়ন্ত্ৰণ,লিংগ সমতা তথা পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা কেতবোৰ আঁচনিৰ ওপৰত উপস্থিত আশাকৰ্মীকে ধৰি ৰাইজক অৱগত কৰি পৰিয়াল পৰিকল্পনাৰে অনাগত দিনবোৰত সকলোকে আগবাঢ়ি সুখৰ জীৱন অতিবাহিত কৰিবলৈ আহ্বান জনাই বিশিষ্ট ব্যক্তিসকলে।উল্লেখযোগ্য যে এই সভাতে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পুৰুষ মহিলা উভয়ৰ বাবে স্বাস্থ্য বিভাগে প্ৰৱৰ্তন কৰা বিভিন্ন সামগ্ৰী,টেবলেট তথা কীটসমূহ বিতৰণ কৰি ইয়াক কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰতো আলোকপাত কৰে স্বাস্থ্য বিষয়াসকলে। সভাৰ অন্তত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে এখনি বাটৰ নাট প্ৰদৰ্শন ব্যৱস্থা কৰে উদ্যোক্তাসকলে।উক্ত সমগ্ৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অভিযানৰ যোৰহাট জিলাৰ ডি এম ই অনন্যা বৰদলৈ, ডি চি এম অৰ্চনা কলিতা, ভাস্বতী বৰা ,পৰিয়াল কল্যাণ বিভাগৰ দিব্যজ্যোতি শৰ্মা, মনোজ দত্ত আদি কৰি কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক ৰিণী গগৈ, খণ্ড গতিশীলক ভানু বৰুৱা,বহুমুখী স্বাস্থ্য কৰ্মী কেশৱানন্দ বৰাকে প্ৰমুখ্য বহুসংখ্যক স্বাস্থ্য কৰ্মী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.