Daily Time Axom

১৫ বছৰত দৰিদ্ৰ লোকৰ সংখ্যা ৪১.৫ কোটি হ্ৰাস পাইছে, ভাৰতক ৰাষ্ট্ৰসংঘৰ প্ৰশংসা

0 41

মাত্ৰ ১৫ বছৰত ৪১.৫ কোটি ভাৰতীয় দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ২০০৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত বৃহৎ সংখ্যক ভাৰতীয়ৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিছিল। ৰাষ্ট্ৰসংঘই ভাৰতৰ সফলতাৰ অভিলেখক প্ৰশংসা কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ মতে, বিশ্বৰ আটাইতকৈ জনবহুল দেশখনৰ আটাইতকৈ ডাঙৰ সফলতা হৈছে দৰিদ্ৰতা দূৰ কৰা।

অক্সফৰ্ড দৰিদ্ৰতা আৰু মানৱ উন্নয়ন পদক্ষেপে ৰাষ্ট্ৰসংঘৰ সৈতে যৌথভাৱে প্ৰকাশ কৰা এয়া এক প্ৰতিবেদন। সেই প্ৰতিবেদনৰ পৰিসংখ্যা অনুসৰি ১৫ বছৰৰ ভিতৰত দেশৰ আধা দৰিদ্ৰ নাগৰিকক দৰিদ্ৰ সীমাৰেখাৰ পৰা উলিয়াই আনিছে। প্ৰতিবেদন অনুসৰি দৰিদ্ৰ লোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে কেইবাখনো আঁচনিৰ ফল পোৱা গৈছে। এই প্ৰকল্পসমূহৰ ভিত্তিত অনাগত দিনত ভাৰতৰ দৰিদ্ৰতা হ্ৰাস পাব বুলি ৰাষ্ট্ৰসংঘ আশাবাদী।

২০০৫-২০০৬ চনৰ পৰা ২০১৯-২০২১ চনলৈকে তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। ষ্টেটিষ্টিকছ ইণ্ডিয়াৰ তথ্য অনুসৰি দৰিদ্ৰতাৰ হাৰ ৫৫.১ শতাংশৰ পৰা ১৬.৪ শতাংশলৈ হ্ৰাস পাইছে। এই ১৫ বছৰত ৪১.৫ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠিছে। ২০০৫ চনত দেশৰ ৬৪ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল। ১৫ বছৰৰ পাছত ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা ২৩ কোটি। অৱশ্যে Covid মহামাৰীৰ সময়ত সঠিকভাৱে তথ্য সংগ্ৰহ কৰিব পৰা নগ’ল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ভাৰতৰ বাহিৰে আন ২৫খন দেশে এই কৃতিত্ব অৰ্জন কৰিছে। ৰাষ্ট্ৰসংঘৰ যৌথ প্ৰতিবেদন অনুসৰি কম্বোডিয়া, চীন, কংগো, হণ্ডুৰাছ, ইণ্ডোনেছিয়া, মৰক্কো, ছাৰ্বিয়া, ভিয়েটনাম আদি কেইবাখনো দেশত দৰিদ্ৰ লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

Leave A Reply

Your email address will not be published.