নিউজ ডেস্ক, ১১ জুলাইঃ দিল্লী-মিৰাট এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুলবাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৬জন লোকৰ। মঙলবাৰে পুৱাই দিল্লীৰ ৰাজপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।কেমেৰাত বন্দী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য।
দুৰ্ঘটনাটোত ২গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি আৰক্ষীয়ে উল্লেখ কৰে।আহত লোক দুজনক স্থানীয় লোকে আৰক্ষীৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে জনোৱা অনুসৰি উক্ত পৰিয়ালটোৱে ৰাস্তা পাৰ হ’ব লওতেই ভুল পথৰে আহি থকা স্কুল বাছখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।