পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, কাছাৰত গুলীবিদ্ধ আচামী হিফজুৰ ৰহমানৰ মৃত্যু

নিউজ ডেস্ক, ১১ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। কাছাৰত গুলীবিদ্ধ আচামী হিফজুৰ ৰহমানৰ মৃত্যু।

১১ মেত শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধী হিফজুৰ ৰহমান। আৰক্ষীয়ে গোপন সুত্ৰৰ খবৰৰ‌ ভিত্তিত সোমবাৰে নিশা অসম মেঘালয় সীমান্তৰ পৰা ধৰিবলৈ সক্ষম হয়।

অভিযানৰ সময়ত আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে হিফজুৰে। প্ৰত্যুত্তৰত গুলীচালনা কৰে আৰক্ষীয়েও।

এই ঘটনাত আহত দুগৰাকী আৰক্ষী বিষয়া শিলচৰৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে।

শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত হিফজুৰ ৰহমানৰ মৃত্যু হয়।

AssamAssam PoliceAssamese NewsDaily time axomDeathEncounterIndiaSilchar