Daily Time Axom

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া মফিজুল

45

নিউজ ডেস্ক, ১২ জুলাইঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ।মৰিগাঁৱত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। ধৰমতুলৰ বৰবৰিত গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া মফিজুল।

অধিক ড্ৰাগছৰ লগতে আন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত মফিজুলক লৈ আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীয়ে ড্ৰাগছৰ ভাণ্ডাৰ দেখুৱাবলৈ গাড়ীগাঁৱলৈ নিছিল মফিজুলক। তেনে অৱস্থাত আৰক্ষীৰ পৰা পিষ্টল লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে।

সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে GMCHত চিকিৎসাধীন হৈ আছে মফিজুল।

Comments are closed, but trackbacks and pingbacks are open.