Daily Time Axom

দক্ষিণ কোৰিয়াত প্ৰথমবাৰৰ বাবে পাণ্ডাই যমজ সন্তান জন্ম দিলে

0 47

দক্ষিণ কোৰিয়াৰ চিৰিয়াখানাত জন্ম দিলে এটা বিশাল পাণ্ডাই যমজ সন্তান।

চিৰিয়াখানা কৰ্তৃপক্ষই ঘোষণা কৰে যে যোৱা ৰাজধানী ছিউলৰ “এভাৰলেণ্ড থিম পাৰ্ক” চিৰিয়াখানাত যমজ সন্তান দুটাৰ জন্ম হৈছে।

যমজ সন্তানৰ মাতৃৰ পাণ্ডা নাম আই বাও। চিৰিয়াখানাৰ মুৰব্বী ডংগি চুঙে কয় যে বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰতীক হৈ পৰা পাণ্ডাবোৰৰ উন্নত সুৰক্ষা আৰু সংৰক্ষণৰ আহ্বান জনোৱাৰ এইটো এটা ডাঙৰ সুযোগ। আই বাও আৰু তাইৰ নৱজাতক দুটাৰ অৱস্থা ভাল বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও চীনে ১৯৫০ চনৰ পৰাই ‘পাণ্ডা কূটনীতি’ৰ অংশ হিচাপে এই জীৱ-জন্তুবোৰক সদিচ্ছাৰ চিন হিচাপে বিদেশলৈ প্ৰেৰণ কৰি আহিছে। ২০১৬ চনত এটা কাৰ্যসূচীৰ অংশ হিচাপে আই বাও আৰু তেওঁৰ পুৰুষ সংগী লে বাওক চীনৰ পৰা দক্ষিণ কোৰিয়ালৈ অনা হৈছিল।

ইয়াৰ পূৰ্বে আই বাওৱে ২০২০ চনত ফু বাও নামৰ মাইকী পোৱালি এটা জন্ম দিছিল। নৱজাত পোৱালিবোৰৰ স্বাস্থ্য আৰু বৃদ্ধিৰ অৱস্থা নিৰীক্ষণ কৰা হ’ব। ইয়াৰ জৰিয়তেহে গম পোৱা যাব যে তেওঁলোকক কেতিয়া জনসাধাৰণৰ সন্মুখত আনিব পৰা যাব।

Leave A Reply

Your email address will not be published.