নিউজ ডেস্ক, ১৩ জুলাইঃ অসমবাসীৰ বাবে আন এক সুখবৰ। চন্দ্ৰযান-৩ উৎক্ষেপণ নিয়ন্ত্ৰণৰ দায়িত্বত অসম সন্তান। গুৰু-দায়িত্ব লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তই। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ, যোগাযোগ অভিযান্ত্ৰিকৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্ত মহাকাশ বিজ্ঞানৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰত বিজ্ঞানী হিচাপে কৰ্মৰত। অন ব’ৰ্ড ক’মাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ ছিষ্টেমৰ দায়িত্বত আছে দত্ত। লেণ্ডাৰ্ছ, চন্দ্ৰযান-৩ৰ উপ-প্ৰকল্পৰ সঞ্চালকৰো গুৰু-দায়িত্বত আছে চয়ন দত্ত। ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩।
Comments are closed, but trackbacks and pingbacks are open.