দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, ১৩ জুলাইঃ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়চোৱাত মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

INS বিক্ৰান্তৰ বাবে ২৬ খন ৰাফেল যুঁজাৰু বিমান সন্দৰ্ভত চুক্তিৰ সম্ভাৱনা আছে। ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ ২৫ বছৰ পূৰ্ণ উপলক্ষে দুই দেশৰ মাজত হ’ব আলোচনা। বেষ্টিল দিৱসত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। বেষ্টিল দিৱসৰ দিনাই মোডীৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি মেক্ৰই বিশ্ববিখ্যাত লভৰ মিউজিয়ামত আয়োজন কৰিছে চৰকাৰী ভোজমেলৰ।১৪ জুলাইৰ বেষ্টিল দিৱসৰ পেৰেডত অংশ ল’ব ভাৰতীয় সেনাৰ ৩ বাহিনীয়ে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী।

Assamese NewsDaily time axomFranceIndiaInternationalNarendra Modi