Daily Time Axom

আজি ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

43

নিউজ ডেস্ক, ১৪ জুলাইঃ আজি দুপৰীয়া ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩খন।

এই ঐতিহাসিক অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO।এই শুভক্ষণৰ বাবে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰ’ৰ বিজ্ঞানীসকলে তিৰুপতি মন্দিৰত মাংগলিক পূজা-অৰ্চনা আগবঢ়াইছে।

চন্দ্ৰযান-৩ অভিযানৰ লগত আন আন বিজ্ঞানীসকলৰ সৈতে অসমৰ চয়ন দত্তও জড়িত হৈ আছে।

উল্লেখ্য যে ২০১৯ত চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ মহাকাশযানৰ উৎক্ষেপণ বিফল হৈছিল। এইবাৰ চন্দ্ৰযান-৩ সফল হ’ব বুলি আশা কৰিছে ইছৰোৰ বিজ্ঞানীসকলে।

Comments are closed, but trackbacks and pingbacks are open.