Daily Time Axom

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত গ্ৰহণ উজ্জ্বল ভূঞা

55

নিউজ ডেস্ক, ১৪ জুলাইঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰে উজ্জ্বল ভূঞাক পাঠ কৰোৱালে শপত বাক্য। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল উজ্জ্বল ভূঞা।

২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব লোৱা ভূঞাই বিগত বৰ্ষৰ ২৮ জুনৰ পৰা তেলেংগানাৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব পালন কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব পালন কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.