দিল্লীৰ প্ৰশাসনিক ক্ষমতা নিজৰ হাতত ৰাখিবলৈ কেন্দ্ৰই জাৰি কৰা অধ্যাদেশৰ বিৰোধিতা কৰি কংগ্ৰেছে কেজৰিৱালৰ পক্ষ লোৱাৰ সিদ্ধান্ত লয়। শনিবাৰে ছোনিয়া গান্ধীৰ বাসগৃহত কংগ্ৰেছ সংসদীয় দলৰ বৈঠকত দলটোৱে আপক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কয় যে, মোডী চৰকাৰে ফেডাৰেল গাঁথনিত যিদৰে আক্ৰমণ চলাইছে, তাৰ বিৰোধিতা কৰিব কংগ্ৰেছে। গতিকে কংগ্ৰেছৰ স্থিতি কি সেয়া বুজিব লাগিব।” এই অধ্যাদেশক লৈ কংগ্ৰেছৰ লগত আম আদমী পাৰ্টিৰ সংঘাত যথেষ্ট দিনৰ পৰাই চলি আহিছে। দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে দেশৰ বিজেপি বিৰোধী আটাইকেইটা ৰাজনৈতিক দলৰ শীর্ষ নেতৃত্বক সাক্ষাৎ কৰি তেওঁলোকৰ সমর্থনৰ অনুৰোধ জনায় যদিও কংগ্রেছে তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই৷
কেজৰিৱালে আচলতে এই বিষয়টোক লৈ পাটনাত বিৰোধী মিত্ৰজোঁটৰ বৈঠকত মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে কথাৰ কটাকটিত লিপ্ত হৈছিল। কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়। ১৭ আৰু ১৮ জুলাইত এই মিত্ৰজোঁটৰ দ্বিতীয়খন বৈঠক। সেই বৈঠকত উপস্থিত থাকিব ছোনিয়া গান্ধী। অধ্যাদেশৰ জৰিয়তে তেওঁ পুনৰ অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা নাছিল।
গতিকে বেংগালুৰু বৈঠকৰ পূৰ্বে সংসদীয় দলৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ল। ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে মিত্ৰতাৰ বৈঠকৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাটোৱেই হৈছে ছোনিয়াৰ কৌশল। আনহাতে, কংগ্ৰেছে ইউনিফৰ্ম চিভিল কোডৰ খচৰা পঢ়ি চূড়ান্ত সিদ্ধান্ত ল’বলৈ দলৰ ৭ গৰাকী শীৰ্ষ নেতাক লৈ এখন কমিটী গঠন কৰে। সাতজনীয়া সমিতিখনত আছে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম, অভিষেক মনু সিংৱী, মনীষ তিৱাৰী।