বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্গাধৰ বৰা বাৰ্ধক্যজনিত কাৰণত শিৱসাগৰ জিলাৰ নামতি চেতিয়া গাঁৱৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি হয়
শিক্ষাজগতৰ লগতে বিভিন্ন সমাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ লগত উতঃপ্রোত ভাৱে জড়িত থকা অমায়িক স্বভাৱৰ বিশিষ্ট ব্যক্তিজনৰ মৃত্যুৰ খবৰ খবৰ বিয়পি পৰাৰ সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
দূৰ্গাধৰ বৰা মৃত্যুৰ পোৱাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, প্ৰয়াত কনক চন্দ্ৰ বৰা আৰু প্ৰয়াত প্ৰেমদা বৰাৰ পুত্ৰ দূৰ্গাধৰ বৰা।
মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে সমাজৰ হকে নিজৰ জীৱনক উৎসৰ্গা কৰা সকলোৰে শ্ৰদ্ধাৰ ধ্ৰুৱতৰা স্বৰূপ দূৰ্গাধৰ বৰাই ১৯৭০ বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লগতে ১৯৬৪ চনত চাৰি আলি বালিকা বিদ্যালয়, ২০০৪ চনত মিছাজন শংকৰদেৱ বিদ্যালয় নিজে প্ৰতিষ্ঠা কৰিছিল। তদুপৰি, ৫০ৰ দশকতে অঞ্চলটোত ক্ৰিকেট আৰু ফুটবল খেল প্ৰসাৰৰ বাবে কেটকুৰি চাপৰি, বৰফুকন খেল পথাৰৰ সৃষ্টি কৰাৰ লগতে নাজিৰা জিলা শ্ৰীমন্ত শঙ্কৰদেৱে সঙ্ঘৰ সভাপতি, আঠখেল দক্ষিণ পশ্চিম আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, অঞ্চলটোৰ বাট পথৰ উন্নয়নৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ বাটকটীয়া আছিল।
অঞ্চলটোৰ বহুতো সামাজিক আৰু শৈক্ষিক অনুষ্ঠানত আগভাগ লোৱা দূৰ্গাধৰ বৰাই শিক্ষাৰ জীৱন এনে ধৰণৰ ৯১ নং নামতি চাৰি আলি প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰাৰ্থমিক শিক্ষাৰে শিক্ষা জীৱনৰ আৰম্ভ কৰি ১৯৪৩ চনত নামতি চাৰিআলি এম.ই মাদ্ৰাছাত তৃতীয় শ্ৰেণীলৈকে আৰু ১৯৪৪-১৯৪৬ চনলৈকে নামতি এম ই স্কুলত ষষ্ঠশ্ৰেণীত অধ্যয়ন কৰে। সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে নামতি বালক উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় । তাৰ পাছতে (১৯৫৩- ১৯৫৫ চন) কটন কলেজৰ পৰা আই.এচ.চি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা (১৯৫৫-১৯৫৭ চন) বি.এচ.চি ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি ডিগ্ৰী লাভ কৰে।