ভূটানে পানী এৰাত বিপদত পৰিছে অসমৰ ৬৭ হাজাৰৰো অধিক লোক

বান পৰিস্থিতিৰ বাবে অসমৰ ১৭খন জিলাত ৬৭ হাজাৰৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰ নদীকে ধৰি বিভিন্ন নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ গৈছে। এনে পৰিস্থিতিত ভূটানৰ কুৰিডচু বান্ধৰ পৰা পানী এৰি দিয়া হৈছে।যাৰ ফলত অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাই দেখা দিছে।

অসম প্ৰশাসনৰ সূত্ৰ অনুসৰি ৬৭ হাজাৰ ৬৮৯ জন বাসিন্দাই ক্ষতিগ্ৰস্ত হৈছে। বাক্সা, বিশ্বনাথ, চিৰাং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কোকৰাঝাৰ, নগাঁও, নলবাৰী, শিৱসাগৰ, তিনিচুকীয়াকে ধৰি ১৭ খন জিলা ক্ষতিগ্ৰস্ত হৈছে।ব্ৰহ্মপুত্ৰ নদী ধুবুৰী, তেজপুৰ অঞ্চলত বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে। গোলকগঞ্জ অঞ্চলত বিপদসীমাৰ ওপৰেৰে বৈ আছে বেকী আৰু সোনকোষ নদীও।

ভূটানৰ সীমান্তৱৰ্তী পশ্চিম অসমৰ জিলাসমূহক সতৰ্ক কৰি দিয়া হৈছে। ভূটানৰ ওচৰৰ গাঁৱৰ পৰা প্ৰায় ৫০০ পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। জিলা প্ৰশাসনে মুকলি কৰিছে ৭৮টা সাহায্য শিবিৰ। শিবিৰত আশ্ৰয় লৈছে ৪ হাজাৰ ৫৩১ জন বাসিন্দা। ২ হাজাৰ ৭৭০ হেক্টৰ মাটিৰ শস্য ক্ষতিগ্ৰস্ত হৈছে। ৪৯ হাজাৰ ৫৩৫টা জীৱ-জন্তুৱেও ক্ষতিগ্ৰস্ত হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment