Daily Time Axom

১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী শ্বাহবাজে কৰিব পদত্যাগ, বছৰৰ শেষত অনুষ্ঠিত হ’ব নিৰ্বাচন

0 50

আগষ্টত পদত্যাগ কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। শুকুৰবাৰে নিশা দেশবাসীৰ আগত দিয়া ভাষণত তেওঁ এই কথা কয়। “পাকিস্তান মুছলিম লীগ-নৱাজ” (পিএমএল-এন) নেতা শ্বাহবাজে কয় যে, “এই বছৰৰ শেষৰ ফালে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। সাংবিধানিক নিয়ম অনুসৰি আগষ্ট মাহত পদত্যাগ কৰিম।”

প্ৰসংগক্ৰমে পাকিস্তানৰ সাংবিধানিক নিয়ম অনুসৰি সেই দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ‘নিৰপেক্ষ তত্ত্বাৱধায়ক চৰকাৰ’। অহা ১৪ আগষ্ট পাকিস্তানৰ স্বাধীনতা দিৱস। শ্বাহবাজে কয় যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল সেইদিনা শেষ হ’ব। পাকিস্তানৰ সংবাদ মাধ্যমৰ এটা অংশই প্ৰকাশ কৰিছে যে তেওঁ সেইদিনা ৰাষ্ট্ৰপতি আৰিফ আলভিক পদত্যাগ কৰি ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰাৰ পৰামৰ্শ দিব পাৰে। শুকুৰবাৰে শ্বাহবাজে কয় যে দেশ পৰিচালনাৰ বাবে আমাক দিয়া পবিত্ৰ দায়িত্ব পালন কৰিবলৈ মই অক্লান্তভাৱে চেষ্টা কৰিছো।

২০২২ চনৰ এপ্ৰিল মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ আৰু কেইবাটাও মিত্ৰ দলে সমৰ্থন প্ৰত্যাহাৰ কৰে, আৰু দেশখনৰ উচ্চতম ন্যায়ালয়ে সংসদীয় ভোটদানৰ নিৰ্দেশ দিয়ে। নেশ্যনেলৰ নিম্ন সদনত ইমৰাণক উচ্ছেদ কৰাৰ পিছত পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) মুত্তাহিদা মজলিছ-ই-আমলকে ধৰি কেইবাটাও দলৰ সমৰ্থনত প্ৰধানমন্ত্ৰী হয় পিএমএল-এনৰ মুৰব্বী নৱাজ শ্বৰীফৰ ভাতৃ শ্বাহবাজ শ্বৰীফ সদন.

Leave A Reply

Your email address will not be published.