Daily Time Axom

গংগাৰ পানী বাঢ়িছে, যোৱা ২৪ ঘন্টাত ১০ জনৰ মৃত্যু ! দিল্লীৰ দৰে উত্তৰ প্ৰদেশতো বানৰ তাণ্ডৱ

0 24

দিল্লীৰ দৰে উত্তৰ প্ৰদেশতো বাৰিষাৰ প্ৰভাৱ পৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যত একাধিক বৰষুণৰ ফলত মুঠ ১০ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে নিশা ৯ বজাত ৰাজ্যিক সাহায্য আয়ুক্তই এক বিবৃতিত এই তথ্য প্ৰদান কৰে। বিবৃতি অনুসৰি যোৱা ২৪ ঘন্টাত ৰামপুৰ অঞ্চলত বাৰিষাৰ পানীত দুজন লোক উটি যায়। ইয়াৰ উপৰিও বলিয়া, মহোবা আৰু ললিতপুৰ জিলাত সংঘটিত পৃথক পৃথক ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ ৭ জন লোকৰ মৃত্যু হয়। চুলতানপুৰত সাপে কামোৰাৰ ফলত আন এজন ব্যক্তিৰ মৃত্যু।

ইয়াৰ লগে লগে উত্তৰ প্ৰদেশত বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই যোৱা কেইদিনমানত ৫০ৰ সীমা অতিক্ৰম কৰিলে। ৰাজ্যৰ জলসিঞ্চন বিভাগে কয় যে বদৌন জিলাত গংগা নদী বিপদৰ চিহ্নৰ ওপৰেৰে বৈ যাবলৈ আৰম্ভ কৰিছে। বুণ্ডেলশ্বাহৰ আৰু ফাৰুকাবাদেও বিপদৰ স্তৰত উপনীত হয়। ইয়াৰ উপৰিও প্ৰয়াগৰাজৰ যমুনাৰ জলপৃষ্ঠও বিপদসীমাৰ ওচৰ চাপিছে। ইতিমধ্যে মথুৰাত বিপদৰ স্তৰ অতিক্ৰম কৰিছে যমুনাই। নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাষৰীয়া নিম্নভূমি অঞ্চল প্লাৱিত হৈ পৰে।

Leave A Reply

Your email address will not be published.