Daily Time Axom

ৰূপলী জয়ন্তী বৰ্ষ উপলক্ষে ড্ৰিমলেন্ড ইংলিছ স্কুলত প্ৰাক্তন শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী‌ৰ সন্মিলনী সভা

0 29

■আজি বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ানপুৰস্থিত ড্ৰিমলেল্ড ইংলিছ স্কুলৰ প্ৰাংগনত দিনযোৰা কাৰ্য্যসূচীৰে ৰূপলী জয়ন্তীৰ প্ৰস্তুতি উপলক্ষে পৰিচালনা সমিতি সদস্য,প্ৰাক্তন শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী‌ সকলকৰ লগত এখনি সন্মিলনী সভা আয়োজন কৰা হয় ।
■১৯৯৫ চনত প্ৰতিষ্ঠিত হোৱা ড্ৰিমলেন্ড ইংলিছ স্কুল ২০১৯ চনত ২৫ বছৰ অতিক্ৰম কৰিছে যদিও কভিড মহামাৰীৰ বাবে সকলো বোৰ কাৰ্য্যসূচী স্থগিত ৰাখিব লগা হৈছিল। যোৱা দুটা বছৰ পিছুৱাই যোৱাৰ পিছত এইবছৰৰ অহা ইং ২৮,২৯ অক্টোবৰত ড্ৰিমলেন্ড ইংলিছ স্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যৰে আজি বিদ্যালয়ৰ প্ৰাংগনত পৰিচালনা সমিতিৰ সদস্য, প্ৰাক্তন শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী‌ৰ সন্মিলনী সভা খন আয়োজন কৰা হয় ।
■সভাৰ জৰিয়তে ৰূপালী জয়ন্তীৰ সকলোবোৰ কাৰ্য্যসূচী সমূহ বিতং ভাবে আলোচনা কৰা হয় ।
■ৰূপালী জয়ন্তী বৰ্ষ উদযাপনটো কেনেধৰনে সাফল্যমন্দিত কৰিব পাৰি সেই বিষয়ে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা বিভিন্ন ধৰনৰ দিহা পৰামৰ্শা আগবঢ়োৱা হয় ।

Leave A Reply

Your email address will not be published.