বৃহস্পতিবাৰে ৱাশ্বিংটন ডি চিৰ আদালতত হাজিৰ হয় প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
তেওঁৰ বিৰুদ্ধে কেপিটেল হিলত আক্ৰমণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আদালতত নিজৰ নিৰ্দোষী বুলি দাবী কৰিছে ট্ৰাম্পে।
আদালতৰ শুনানি আৰম্ভ হোৱাৰ পিছতে ন্যায়াধীশ মক্সিলা উপাধ্যায়ে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পঢ়ি শুনায়। সেই সময়ত ট্ৰাম্পে কয় যে তেওঁ নিৰ্দোষী।
শুনানিৰ সময়ত চৰকাৰৰ অধিবক্তাই আদালতক ট্ৰাম্পক আটক কৰিবলৈ অনুৰোধ কৰা নাছিল। অৱশ্যে ইয়াৰ বিৰুদ্ধে তেওঁক কেইবাটাও চৰ্ত দিয়া হৈছে। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৮ আগষ্টত নিৰ্ধাৰণ কৰিছে। ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনে জয়লাভ কৰে। তেতিয়াৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই নিৰ্বাচনত প্ৰৱঞ্চনাৰ অভিযোগ তুলি পৰাজয় মানি ল’বলৈ অস্বীকাৰ কৰিছিল। বাইডেনৰ বিজয়ৰ সত্যাসত্য নিৰূপণৰ বাবে ২০২১ চনৰ ৬ জানুৱাৰীত কংগ্ৰেছৰ যৌথ অধিৱেশন আহ্বান কৰা হয়। ট্ৰাম্পৰ প্ৰৰোচনাত তেওঁৰ সমৰ্থকসকলে কংগ্ৰেছ ভৱন (কেপিটেল)ত আক্ৰমণ কৰি তদন্ত প্ৰক্ৰিয়া বন্ধ কৰে।