গোলাঘাটৰ বামুণগাঁৱত চাঞ্চল্যকৰ ঘটনা, জোঁৱায়েকৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত শাহুসহ তিনিজনকৈ লোক

নিউজ ডেস্ক, ৫ আগষ্টঃ ইটোৰ পাছত সিটোকৈ জঘন্য কাণ্ডই জোকাৰিছে গোলাঘাট। এইবাৰ গোলাঘাটৰ বামুণগাঁৱত চাঞ্চল্যকৰ ঘটনা। জোঁৱায়েকৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত শাহুসহ তিনিজনকৈ লোক।

নিশা গোলাঘাটৰ কমাৰবন্ধা বামুণ গাঁৱত চাঞ্চল্যকৰ ঘটনা। জোঁৱায়েকৰ আক্ৰমণত গুৰুতৰভাৱে আহত শাহু-পত্নী। পৰিয়ালৰ আন ২ সদস্যকো আক্ৰমণ সুৰামত্ত জোঁৱায়েকৰ।আক্ৰমণত আহত ৰিংকু বৰা আৰু বুলু ৰাভা নামৰ দুজন। আহত লোক দুজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰমণকাৰী মহেন্দ্ৰ শইকীয়াক আটক কৰে গোলাঘাট আৰক্ষীয়ে।

AssamAssamese NewsDaily time axomGolaghatGolaghat PoliceIndia