কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ, সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ ৩জন জোৱান
নিউজ ডেস্ক, ৫ আগষ্টঃ দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ। সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ ৩জন জোৱান।
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ এটা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তাৰক্ষী অভিযান আৰম্ভ কৰিছিল। নিৰাপত্তাৰক্ষীয়ে তালাচী চলাই থকাৰ মাজতেই সন্ত্ৰাসাবাদীয়ে গুলীচালনা কৰে।
সংঘৰ্ষত ৩ জন জোৱান গুৰুতৰভাৱে আহত হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ মৃত্যু হয়।
Comments are closed, but trackbacks and pingbacks are open.