জ্বলি আছে মণিপুৰ! যোৱা ২৪ ঘন্টাত ৫ জন লোকৰ মৃত্যু

মণিপুৰৰ হিংসাত্মক ঘটনা ৰোধ কৰিব পৰা নাই আজিও। ৰাজ্যখনত শনিবাৰৰ পৰা নতুন সংঘাতৰ জুই জ্বলিবলৈ আৰম্ভ কৰিছে। পুনৰ হিংসাত্মক ঘটনাত নতুনকৈ ৫ জন লোকৰ মৃত্যু হৈছে। ইফালে ইম্ফল পশ্চিম জিলাত ১৫টা ঘৰত উন্মাদ জনসমাগমে অগ্নিসংযোগ কৰিছে। গুলীচালনা কৰা হৈছে। এই ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই। জানিব পৰা মতে গুলীবিদ্ধ হোৱা এজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

তদুপৰি শনিবাৰে বিয়লি ইম্ফল পূৱ জিলাত অশান্তিৰ খবৰ পোৱা গৈছিল। জনা যায় যে মেটেই সম্প্ৰদায়ৰ তিনিজন লোকৰ নিজৰ ঘৰতে মৃত্যু হয়। আনহাতে, চন্দ্ৰচুডপুৰত হিংসাৰ বলি হৈছে দুটা কুকিজ। ইফালে ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিষ্ণুপুৰ জিলাত তালাচী অভিযানৰ সময়ত এজন সশস্ত্ৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে।

AssamAssamese NewsDaily time axomDeathGuwahatiIndiaInternational
Comments (0)
Add Comment