আমেৰিকাত পুনৰ আন এক বন্দুকধাৰীৰ আক্ৰমণ। শনিবাৰে নিশা ৱাশ্বিংটন ডিচিৰ ৰাজপথত গুলীচালনা ঘটনা ধাৰাবাহিকতা সংঘটিত হয়। এই আক্ৰমণত কমেও ৩ জনৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক। দক্ষিণ-পূব ৱাশ্বিংটনৰ এনাকোষ্টিয়াত সংঘটিত হৈছে এই আক্ৰমণ। ইয়াকে ধৰি চহৰখনত মুঠ ১৫০টা আক্ৰমণৰ ঘটনা সংঘটিত হয়। আগষ্ট মাহৰ প্ৰথম ৫ দিনত আমেৰিকাত বন্দুকৰ আক্ৰমণত কমেও ১২ জন লোকৰ মৃত্যু হয়।
সময়ৰ লগে লগে বন্দুকৰ আক্ৰমণ আমেৰিকাৰ বাবে ‘ অভিশাপ’ হৈ পৰিছে। স্কুলৰ পৰা ধৰ্মীয় স্থানলৈকে কোনো ঠাই বাদ পৰা নাই। বন্দুক আইন সংশোধন কৰাৰ পিছতো কিয় বন্দুকধাৰীজনৰ আক্ৰমণৰ মোকাবিলা কৰা হোৱা নাই সেই সন্দৰ্ভত হোৱাইট হাউছ অহৰহ প্ৰশ্নৰ সন্মুখীন হৈছে।
যোৱা মে’ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৈছিল যে, “এয়া গ্ৰহণযোগ্য নহয়। সমগ্ৰ বিষয়টোৰ ওপৰত মই তীক্ষ্ণ দৃষ্টি ৰাখিছো। এই ঘটনাৰ বাবে আমেৰিকাবাসীৰ হৃদয় সম্পূৰ্ণৰূপে ভাঙি গৈছে। কংগ্ৰেছলৈ মোৰ আবেদন যে তেওঁলোকে অস্ত্ৰ ৰখাত নিষেধাজ্ঞা আৰোপ কৰক।”