Daily Time Axom

চীনত ৫.৫ টা ভূমিকম্প, ১২৬ টা ঘৰ ভাঙি, ২১ জন আহত

0 27

পূব চীনৰ ছানডং প্ৰদেশৰ পিংয়ুয়ান কাউন্টিত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। এই কঁপনি দেওবাৰে (৬ আগষ্ট) স্থানীয় সময় অনুসৰি ২:৩৩ বজাত অনুভৱ কৰা হয়।

ভূমিকম্পত ২১ জন লোক আহত হয়। চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰৰ তথ্য অনুসৰি ইয়াৰ ভূগৰ্ভস্থ আছিল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত।

ভূমিকম্পৰ ফলত ১২৬টা ঘৰ ভাঙি পৰে। বেইজিঙৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত আছিল এই ভূমিকম্পৰ কেন্দ্ৰ।
স্থানীয় পৌৰসভাৰ ভূমিকম্প ব্যুৰোৱে জনোৱা মতে, ৰাজধানীতো কম্পন অনুভৱ কৰা হৈছে। ভূমিকম্পৰ পিছত বেইজিং ৰে’লৱে বাতিল কৰিলে ৬০খনতকৈও অধিক নিৰ্ধাৰিত ৰে’ল।

Leave A Reply

Your email address will not be published.