Daily Time Axom

পাকিস্তানত ভয়ংকৰ ৰেল দুৰ্ঘটনা, ১০ টা বগী ৰেলপথৰ পৰা ওলাই, ২২ জন নিহত, ৫০ জন আহত

0 48

দেওবাৰে (৬ আগষ্ট) পাকিস্তানৰ শ্বাহজাদপুৰ আৰু নৱাবশ্বাহৰ মাজত সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। এই ৰেল দুৰ্ঘটনাত হাজাৰা এক্সপ্ৰেছৰ প্ৰায় ১০টা বগী ৰে’লপথৰ পৰা চিটিকি যায়। এই দুৰ্ঘটনাত মুঠ ১৫ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জনতকৈ অধিক লোক আহত হয়।

দেওবাৰে নৱাবশ্বাহৰ ছাৰহাৰী ৰে’ল ষ্টেচনৰ সমীপত হাজাৰা এক্সপ্ৰেছৰ কেইবাটাও বগী ৰেলপথৰ পৰা ওলাই যায় আৰু ১৫ জন লোকৰ মৃত্যু হয়। আনহাতে কেইবা ডজন লোক গুৰুতৰভাৱে আহত হৈছে।মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে।

দুৰ্ঘটনাৰ কাৰণ অজ্ঞাত

আহতসকলক চিকিৎসাৰ বাবে নৱাবশ্বাহৰ পিপলছ মেডিকেল হস্পিতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত বিষয়াসকলে কয় যে ৰেলপথৰ পৰা ওলাই যোৱাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে, কৰাচীৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ আছিল ৰে’লখন।

সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে

লাহোৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰে’ল আৰু বিমান পৰিবহণ মন্ত্ৰী খোৱাজা সাদ ৰফিকে কয় যে সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। তেওঁ কয় যে বাতৰি অনুসৰি ২২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। এই দুৰ্ঘটনাটো অতি দুখজনক। বৰ্তমান সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ জীৱন ৰক্ষা কৰাটোৱেই অগ্ৰাধিকাৰ। ইয়াৰ পিছত এই ঘটনাৰ তদন্ত কৰা হ’ব।

ইফালে সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে এই ঘটনাত নিহত হোৱা লোকসকলকলৈ শোক প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ নৱাবশ্বাহৰ উপ আয়ুক্তক আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে পাকিস্তানত শেহতীয়াকৈ ৰে’ল দুৰ্ঘটনাৰ উত্থান ঘটিছে। বিগত দশকত পাকিস্তানত বহুকেইটা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে।

Leave A Reply

Your email address will not be published.