Daily Time Axom

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ জাগীৰোডবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই

0 39

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ সহজলভ্য ৰে’ল যোগাযোগ ব্যৱস্থাক বিশ্বমানৰ কৰিবলৈ আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৫০৮ টা ষ্টেচনৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আন্তঃগাথঁনিৰ উন্নয়নৰ কামৰ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰে। প্ৰথম পৰ্যায়ত তেঁওলোকে ১০ খন ৰাজ্যৰ মাজত আৰম্ভ হোৱা ৫০৮ টা ষ্টেচনৰ এটা হিচাপে জাগীৰোড ৰেলৱে ষ্টেচনক স্থান প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ জাগীৰোডবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাই মন্ত্ৰী পীযুষ হাজৰিকাই।

প্ৰায় ৩১.১৮ কোটি টকা ব্যয়েৰ নিৰ্মাণ হ’ব ল’গা এই ষ্টেচনটোত পৃথক প্ৰৱেশ আৰু নিকাস ব্যৱস্থা, চাৰিচকীয়া , তিনিচকীয়া , দুচকীয়া আৰু গধূৰ বাহনৰ বাবে পৃথক পাৰ্কিং বেৱস্থা, উন্নত মানৰ অপেক্ষা গৃহ, উন্নত আন্তঃগাথঁনি তথা পাৰ্ক, জলপান গৃহ আদিৰ সুবিধা, উৰণীয়া পদ সেতু, চিচি টিভি – ভিডিঅ’ ৱালৰ সুবিধা, দিব্যাঙ্গ সকলৰ সহায় ব্যৱস্থা, খোৱা পানীৰ সু ব্যৱস্থা ইত্যাদি অন্যান্য বহুতো ব্যৱস্থা উপলব্ধ হ’ব।

এই শিলান্যাসৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিশু সকলৰ মাজত বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ , জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বিজেপিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী প্ৰবীন মেধি ,জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভবেন চন্দ্ৰ নেওঁগ, ৰে’ল বিভাগৰ বিষয়াসকল আৰু আন আন স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.