ইলন মাস্কে শেহতীয়াকৈ মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ সৈতে যুদ্ধৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে এই যুঁজখন এক্সত লাইভ ষ্ট্ৰীম কৰা হ’ব।
খবৰ অনুসৰি আমেৰিকাৰ লাছ ভেগাছত ‘মিক্সড মাৰ্শ্বেল আৰ্টছ কেজ মেচ’ত লগ হ’ব এই ২ জন ছ’চিয়েল মিডিয়া সম্ৰাট।
এটা পোষ্টত মাস্কে কয় যে, ‘জেক বনাম মাস্ক’ এক্সত লাইভ ষ্ট্ৰীম কৰা হ’ব আৰু ইয়াৰ পৰা পোৱা সকলো ধন চেৰিটিলৈ যাব।’

এক্স ইউজাৰে এই যুঁজখনৰ বিষয়ে সোধাত মাস্কে কয়, ‘এয়া যুদ্ধৰ এক সভ্য ৰূপ। পুৰুষে যুদ্ধ ভাল পায়।’
২০ জুনত ৫১ বছৰীয়া মাস্কে এটা পোষ্টত ঘোষণা কৰিছিল যে তেওঁ জাপানীজ মাৰ্শ্বেল আৰ্ট জিউজিটছুৰ বিশেষজ্ঞ জুকাৰবাৰ্গৰ সৈতে ‘কেজ মেচ’ত যুঁজিবলৈ সাজু।
ইয়াৰ এদিন পিছতে ৩৯ বছৰীয়া জুকাৰবাৰ্গে ইনষ্টাগ্ৰামত যুদ্ধ কলাৰ মেচ এখনত জয়ী হোৱাৰ ছবি পোষ্ট কৰি মাস্কক কয়, “লকেচন পঠাওক”। উত্তৰত মাস্কে লিখিছিল, ‘ভেগাছ অষ্টগন’। য’ত মিক্সড মাৰ্শ্বেল আৰ্টছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়।