নিউজ ডেস্ক, ৭ আগষ্টঃ পুনৰ বাহাল হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ। অধিসূচনা জাৰি কৰিলে লোকসভা সংসদ সচিবালয়ে। উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে।
এতিয়াৰে পৰা ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত।
উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে ‘মোডী উপাধি’ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। ‘সকলো মোডী চোৰ’ বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল।