Daily Time Axom

ঘামৰ দুৰ্গন্ধ দূৰ কৰক

0 59

কেইটামান অতি সহজ নিয়ম মানি চলিলে কিছু নিৰাময় সম্ভৱ। কিন্তু সম্পূৰ্ণ সমস্যামুক্ত হ’বলৈ হ’লে ছালৰ বিশেষজ্ঞৰ ওচৰলৈ যাব লাগিব। অৱশ্যে কিছুমান নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ।

গা ধুওঁতে চাবোনেৰে ভালদৰে ধুব লাগে। অলপ বেছি সময় গা ধুব। প্ৰয়োজন হ’লে প্ৰয়োজনতকৈ অধিক পানী ব্যৱহাৰ কৰক।

দোকানত এন্টি-পাৰ্স্পিৰেণ্ট পোৱা যায়। চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিব পাৰে। কিন্তু সাৱধান হওক! যি বজাৰত বিক্ৰী কৰা হয়, লেবেলত Anti-perspirants বুলি লিখা থাকিলে কিনিব নালাগে। কেৱল চিকিৎসকে ‘প্ৰেছক্ৰিপচন’ কৰা ‘ঔষধযুক্ত’ বস্তুবোৰহে ব্যৱহাৰ কৰক।

ডিঅ’ডৰেণ্ট ব্যৱহাৰ কৰিলে কোনো ক্ষতি নহয়। কিন্তু ঘামৰ গোন্ধৰ পৰা ই স্থায়ী ‘সুৰক্ষা’ প্ৰদান নকৰে, ই সাময়িক সকাহ দিয়ে।
ঘামচি ওলোৱা অংশ চুলিমুক্ত কৰি ৰাখক। ই বেক্টেৰিয়া হ্ৰাস কৰিব।

যিসকলে মেদবহুলতাৰ সমস্যাত ভুগি আছে, তেওঁলোকে ওজন কমাবলৈ মনোনিৱেশ কৰে।ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখক।

Leave A Reply

Your email address will not be published.