আমিনগাঁওত সীমা সমস্যাকলৈ ৰুদ্ধদ্বাৰ বৈঠক অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ

কামৰূপ জিলাৰ আমিনগাঁওত কালি সীমা সমস্যাকলৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈ যায় অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত । এই বৈঠক অনুস্থিত হয় আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ গেষ্ট হাউছৰ সভাকক্ষত।

এই বৈঠকত অচিৰেই কামৰূপৰ অসম মেঘালয় সীমান্তবৰ্তী লাম্পীৰ সীমা সমস্যা সন্দৰ্ভত নিষ্পত্তি কৰণৰ বিষয়ত আলোচনা হয়। বৈঠকত উপস্থিত থাকে মেঘালয় চৰকাৰৰ বন মন্ত্ৰী পললিংডোৰ লগতে নংষ্টেইন জিলাৰ কেবাগৰাকী বিধায়ক, জিলা উপায়ুক্ত, বি এফ অ ৰ লগতে জিলা আৰক্ষী অধীক্ষক ।

ইফালে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।

মেঘালয়ে দাবী কৰা অঞ্চল সমূহ আৰু অসমে দাবী কৰা অঞ্চল সমুহৰ ওপৰত আজি বিতংভাৱে আলোচনা কৰা হয়।শীঘ্ৰেই দুয়োৰাজ্যৰ প্ৰতিনিধিয়ে বিবাদমান অঞ্চল সমূহ পৰিদৰ্শন কৰি সীমা সমস্যাটো নিষ্পত্তি কৰিব বুলি মেঘালয় আৰু অসমৰ মন্ত্ৰীদ্বয়ে মন্তব্য আগবঢ়ায়।

পৰ্যায়ক্ৰমে লাম্পী আৰক্ষী চকী আৰক্ষী থানালৈ উন্নীত কৰণ কৰিব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment