কৃত্ৰিম নাটনিৰে নগাঁও জিলাখনত কোনে বৃদ্ধি কৰিলে গুটখাৰ দাম ?
আপুনি গুটখা বা পান মছলা খায় নেকি? আপোনাৰ বাবে আছে এক বেয়া খবৰ। নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বজাৰ সমূহত এতিয়া পান মচলাৰ দ্বিগুণ দাম। শিখৰ, কেপি গোল্ড, চিগনেচাৰ আদি আজি তিনি চাৰি দিনৰ পৰা হঠাৎ বাঢ়ি গৈছে দাম। গুটখা মাফিয়া উদয় শংকৰ চৌৰাচিয়াক STF এ জেৰাৰ কৰা দিনাৰ পৰাই জিলা খনত বৃদ্ধি পাইছে গুটখাৰ দাম। নগাঁৱত থকা একাংশ পাইকাৰী ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি বঢ়াই দিছে দাম।আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, নগাঁও জিলাৰ, ৰূপহী, ধিং কদমণি, ধূপগুৰি শান্তিজান বজাৰৰ, একাংশ পাইকাৰী দোকানীয়ে গুটখাৰ নাটনি দেখাই অধিক চৰা দামত বিক্ৰী কৰি আহিছে। চৌৰাচিয়াৰ সাম্ৰাজ্যত আঘাতৰ লগে লগে কিয় বৃদ্ধি হ’ল গুটখাৰ দাম সেয়া আজি ৰাইজৰ মাজত অবুজ সাঁথৰ। চৌৰচীয়াৰ ব্যৱসায়ৰ সৈতে পত্নী আৰু ভাতৃ জড়িত থকাৰ আশংকা প্ৰকাশ কৰা হৈছিল। STFএ জব্দ কৰা ৪৪ খন ট্ৰাক চৌৰাচিয়াৰ পত্নী আশা দেৱীৰ নামত থকাৰ তথ্য ইতিমধ্যে ফাদিল হৈছে। আনহাতে চৌৰাচিয়াৰ সম্পৰ্কীয় ভাতৃ ৰাজেশ চৌৰাচিয়াও GST ফাঁকিৰে জড়িত বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে। বৰ্তমান চৌৰচীয়াৰ ব্যৱসায়ত ৰাজ্যৰ আৰু বহু ব্যৱসায়ী জড়িত আছে নেকি এয়া গম পোৱা যাব আৰক্ষীৰ সঠিক তদন্তত।