মিছ ইউনিভাৰ্ছ ইণ্ডোনেছিয়াৰ প্ৰতিযোগীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

মিছ ইউনিভাৰ্ছ ইণ্ডোনেছিয়াৰ প্ৰতিযোগীসকলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহাৰ পিছত তেওঁলোকক যৌন নিৰ্যাতন চলোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

প্ৰতিযোগীসকলৰ অধিবক্তাই কয় যে ফাইনেল (৩ আগষ্ট)ৰ দুদিন পূৰ্বে আয়োজকসকলে প্ৰতিযোগীসকলক ‘টপলেছ’ হ’বলৈ বাধ্য কৰাইছিল। আধা উলংগ হৈ থকাৰ সময়ত তেওঁলোকৰ শৰীৰত হাত। আনকি কেমেৰাতো তেওঁলোকক ছবি বন্দী কৰে।

এগৰাকী প্ৰতিযোগীয়ে কয় যে আয়োজকসকলে কয় যে তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ দাগ, টেটু আছে নে নাই পৰীক্ষা কৰে। কিন্তু মোৰ অধিকাৰ খৰ্ব হোৱা যেন অনুভৱ হৈছে।’

জাকাৰ্টা আৰক্ষীয়ে জনোৱা মতে, মিছ ইউনিভাৰ্ছ ইণ্ডোনেছিয়াৰ প্ৰতিযোগীয়ে আয়োজকসকলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মিছ ইউনিভাৰ্ছৰ আয়োজকসকলে মঙলবাৰে অৱগত কৰে যে ইতিমধ্যে এনে অভিযোগৰ শুনানি গ্ৰহণ কৰা হৈছে।

এটা বিবৃতিত কোৱা হৈছে, ‘মিছ ইউনিভাৰ্ছ (আয়োজক)ৰ ফালৰ পৰা যৌন নিৰ্যাতন বা পক্ষপাতিত্বৰ অভিযোগক অতি গুৰুত্বসহকাৰে লোৱা হয়। ছোৱালীৰ বাবে মিছ ইউনিভাৰ্ছৰ মঞ্চ যাতে সুৰক্ষিত হয় সেয়া নিশ্চিত কৰাটো আমাৰ সৰ্বোচ্চ দায়িত্ব আৰু লক্ষ্য।

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment