Daily Time Axom

দালালক টকা নিদিলে PMAYG ৰ জব কাৰ্ডৰ ধন মোকলাই নিদিয়াৰ অভিযোগ হিতাধিকাৰীৰ

0 50

ধুবুৰী জিলাৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ ফুলকাটাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চিৰাখোৱা চতুৰ্থ খণ্ড গাওঁৰ PMAYG ৰ জবকাৰ্ডৰ ধন সোমাবলৈ দিব লাগে এক হেজাৰ কৈ টকা।

টকা নিদিলে ধন নোসোমাই জবকাৰ্ডৰ একাউণ্টত।

এই অভিযোগ চিৰাখোৱা চতুৰ্থ খণ্ড গাওঁৰ প্ৰকৃত হিতাধিকাৰীৰ।

অভিযোগ অনুসৰি চিৰাখোৱা চতুৰ্থ খণ্ড গাওঁৰ মোৰতুজ আলীয়ে প্ৰতিজন হিতাধিকাৰীৰ পৰা জবকাৰ্ডৰ ধন মোকলাই দিয়াৰ নামত এক হেজাৰ কৈ টকা সংগ্ৰহ কৰি আহিছে।

জানিব পৰা মোৰতুজ আলীয়ে যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ পৰা সদস্য পদৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল।

প্ৰশ্ন হয় কাৰ নিৰ্দেশত বিজেপি নেতা মোৰতুজ আলীয়ে হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰি আছে ধন।

আমাৰ প্ৰতিবেদন দেখাৰ পিছত বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তি সময়ত হব লক্ষ্যনীয় বিষয়।

Leave A Reply

Your email address will not be published.