Daily Time Axom

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড, দশম শ্ৰেণীৰ ছাত্ৰক হত্যা পদপথৰ ব্য়ৱসায়ীৰ

37

নিউজ ডেস্ক, ১০ আগষ্টঃ গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।প্ৰথমে অপহৰণ তাৰপিছত হত্যা। মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নিতেশ কুমাৰক হত্যা। নিশা বোন্দাৰ পৰা গ্ৰেপ্তাৰ হত্যাকাৰী অভিষেক বৰুৱাক। ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষীক গতাই দিয়ে অভিষেকক। আআহাতে পিতৃক ফোন কৰি ৭ লাখ টকা মুক্তিপণ বিচাৰিছিল অপহৰণকাৰীয়ে।

অভিযুক্তগৰাকী নীতিশৰ পৰিয়ালৰ চিনাকী। অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনা স্কুললৈ যোৱাৰ পৰিৱৰ্তে ছাত্ৰগৰাকী অভিযুক্তৰ লগত স্কুটাৰত বোন্দালৈ গৈছিল। তাতেই এঠাইত স্কুটাৰ ৰাখি দুয়ো হাবিৰ ভিতৰলৈ সোমাই গৈছিল। তাতেই ছাত্ৰগৰাকীক হত্যা কৰে অভিযুক্তই।

জানিব পৰা মতে, ছাত্ৰগৰাকীয়ে অভিযুক্তৰ পৰা কেইবালাখ টকাও ঋণ লৈছিল। কিন্তু কিয় ঋণ লৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Comments are closed, but trackbacks and pingbacks are open.