বৃদ্ধি পালে ঠিকাদাৰৰ পঞ্জীয়ন মাচুল

নিউজ ডেস্ক, ১০ আগষ্টঃ ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে জাৰী কৰিছে এক নতুন নিৰ্দেশনা । ঠিকাদাৰসকলে এতিয়া পঞ্জীয়নৰ বাবে ভৰিব লাগিব মোটা অংকৰ ধন। বৃদ্ধি পালে ঠিকাদাৰৰ পঞ্জীয়ন মাচুল। ঠিকা লাভ নকৰিলেও উভতাই নাপাব পঞ্জীয়ন মাচুল।

যোৱা ৮ আগষ্টত ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত চন্দন শৰ্মাই স্বাক্ষৰ কৰা এই নিৰ্দেশ পত্ৰৰ অনুসৰি এতিয়াৰ পৰা লোকনিৰ্মাণ (পথ ) বিভাগৰ ঠিকাদাৰসকলৰ পঞ্জীয়ন আৰু নবীকৰণৰ নামত ভৰিব লাগিব মোটা অংকৰ ধন।এতিয়া প্ৰথম শ্ৰেণীৰ (ক)ৰ বাবে পাঁচ লাখ, প্ৰথম শ্ৰেণীৰ(খ)ৰ বাবে দুই লাখ, প্ৰথম শ্ৰেণীৰ (গ)ৰ বাবে এক লাখ, দ্বিতীয় শ্ৰেণীৰ বাবে পঞ্চাশ হাজাৰ আৰু তৃতীয় শ্ৰেণীৰ ঠিকাদাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২৫ হাজাৰ টকা পঞ্জীয়ন মাচুল।আনহাতে, এই মাচুল এককালীনভাৱে জমা দিব লাগিব আৰু এয়া ঘূৰাই দিয়া নহ’ব বুলিও নিৰ্দেশনাত উল্লেখ আছে।

ৰাজ্যৰ লোকনিৰ্মাণ (পথ) বিভাগৰ এই নিৰ্দেশনাই বিমোৰত পেলাইছে বহু ঠিকাদাৰক। কাৰণ ৰাজ্যত নিৱনুৱা সমস্যাৰ বাবে বহু শিক্ষিত যুৱকে ঠিকাদাৰীকে পেচা হিচাপে বেছি লোৱাৰ সময়তে হঠাত্‍ এনে দৰে মাচুল বৃদ্ধিয়ে চিন্তাত পেলাইছে বহুতকে।

AssamAssamese NewsDaily time axomGuwahatiIndia