নিউজ ডেস্ক, ১০ আগষ্টঃ এইবাৰ গুৱাহাটী আৰক্ষীৰ জালত পৰিল এগৰাকী নেইজেৰিয়ান মহিলা। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আটক মহিলাগৰাকীক। জানিব পৰা মতে বুধবাৰে নিশা Bureau of Immigrationৰ বিষয়াই ভুৱা ভাৰতীয় ভিছাৰ সৈতে আটক কৰে নাইজেৰিয়ান মহিলাগৰাকীক।
জাদী মিকালে নামৰ নাইজেৰিয়ানগৰাকীয়ে ভুৱা ভিছাৰে প্ৰৱেশ কৰিছিল ভাৰতত। যোৱানিশা Air Asiaৰ বিমানেৰে নতুন দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় মহিলাগৰাকী। বিমানবন্দৰত Bureau of Immigrationৰ নেতৃত্বত বৰঝাৰ আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক।নিশাতো আজাৰা আৰক্ষী থানাত ৰখাৰ পিছত আজি আদালতলৈ নি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নাইজেৰিয়ান মহিলাগৰাকীক। মহিলাগৰাকীৰ পৰা জব্দ কৰা হয় এটা টেবলেট, এটা স্মাৰ্টফোন আৰু পাছপ’ৰ্ট।
Comments are closed, but trackbacks and pingbacks are open.