নিউজ ডেস্ক, ১১ আগষ্টঃ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিশিষ্ট বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় বিজ্ঞানীগৰাকী।
তেঁও যোৰহাট প্লেনেটৰিয়াম, বিজ্ঞান কেন্দ্ৰৰ কিউৰেটৰ আছিল।’বিজ্ঞাজ্যোতি’ নামৰ এটা পেজৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ চেষ্টা কৰিছিল চেতিয়াই। বিজ্ঞানৰ প্ৰসাৰৰ বাবে চেতিয়াই লৈছিল গ্ৰাম্য বিজ্ঞান যাত্ৰা নামৰ বিশেষ কাৰ্যসূচী৷ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যুত সমগ্ৰ যোৰহাট জিলাত শোকৰ ছাঁ পৰিছে৷