নিউজ ডেস্ক, ১২ আগষ্টঃ মহানগৰীৰ গড়চুকত উৎখাত কৰে জালনোট চক্ৰ।শুকুৰবাৰে নিশা চলা অভিযানত পুনৰ ৭লাখ টকাৰ জালনোট জব্দ কৰা হয়। মহানগৰীৰ লখৰাত গড়চুক আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলায়। অভিযানত ৭ লাখ টকাৰ জালনোটসহ বৰপেটাৰ মান্নান মালিক নামৰ এজনকো গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে মান্নান মালিকৰ পৰা AS01EQ2717 নম্বৰৰ এখন স্কুটী, এটা মোবাইল জব্দ কৰে।বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।
Comments are closed, but trackbacks and pingbacks are open.