বিমানত নাবালকৰ কাষত বহি হস্তমৈথুন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসক

বিমানত নাবালিকাৰ কাষত বহি হস্তমৈথুন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ চিকিৎসক

যোৱা বছৰৰ মে’ মাহত সংঘটিত হৈছিল এই ঘটনা।

যোৱা বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুদীপ্ত মোহন্তীক।

হনোলুলুৰ পৰা বষ্টনলৈ যোৱা পথত আছিল বিমানখন। ককা-আইতাকৰ সৈতে বিমানত উঠিছিল এগৰাকী ১৪ বছৰীয়া কিশোৰী। অভিযুক্ত চিকিৎসকজন কিশোৰীৰ কাষতে বহিছিল। বিমানত উঠাৰ পাছত ডাক্তৰজনে চাদৰ এখনত মেৰিয়াই লৈ বহে। অলপ পিছত কিশোৰীৰ কাষত বহি অশ্লীল ইংগিত দিয়ে। আনকি হস্তমৈথুনো কৰে। ঘটনাটো দেখাৰ পাছত নাবালিকাজনীয়ে কাষতে থকা খালী আসনখনত গৈ বহে।

বিমানখন বষ্টনত অৱতৰণ কৰাৰ পিছত নাবালিকাগৰাকীয়ে ককা-আইতাকক এই বিষয়ে কয়। বিমানবন্দৰত অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত যেতিয়া চিকিৎসকজনক সোধা-পোছা কৰা হৈছিল তেতিয়া তেওঁ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল। এই অভিযোগৰ দীৰ্ঘদিনীয়া তদন্তৰ অন্তত ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে ৩৩ বছৰীয়া চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment